উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ১২৪২৪ আৰু ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ, গুৱাহাটী আৰু হাওৰাৰ মাজত মাজত চলাচল কৰা শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা কেপিটেল এক্সপ্ৰেছ, শিলঘাট আৰু কলকাতাৰ মাজত চলাচল কৰা সাপ্তাহিক কাজিৰঙা এক্সপ্ৰেছ ৰে’লগাড়ীকেইখনৰ সম্পূৰ্ণ যাত্ৰা পথত বৈদ্যুতিক ইঞ্জিন ব্যৱহাৰ কৰা হ’ব। পর্যায়ক্রমে আন কেইবাখনো ৰে’লগাড়ীও সম্পূৰ্ণৰূপে বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা হ’ব বুলি ৰে’ল বিভাগৰ সূত্ৰই জনাইছে। ইয়াৰ ফলত ডিজেলৰ বাবদ ব্যয় হোৱা বৃহৎ পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে বায়ু প্রদূষণো বহুখিনি নিয়ন্ত্রিত হ’ব বুলি আশা কৰা হৈছে।
Site Admin | June 25, 2025 9:02 PM | rail duliajan dibrugarh electic
দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ, কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ী বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত