ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 18, 2025 8:36 PM | rail cm

printer

ৰাজ্যৰ ভিন্ন স্থানত নাগৰিক সংগঠনসমূহৰ মুখ্যমন্ত্রী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ; ৰে’ল কী বাত কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যত যাত্ৰীৰ চাহিদা অনুসৰি স্থানীয় ৰে’লগাড়ী অর্থাৎ লোকেল ট্রেইন প্ৰৱৰ্তন কৰা আৰু ৰে’লগাড়ীসমূহ ৰখোৱাৰ সুবিধাজনক স্থান অর্থাৎ ষ্টপেজ দিয়াৰ দাবীত আজি ৰাজ্যখনৰ বিভিন্ন স্থানত নাগৰিক সংগঠনসমূহে মুখ্যমন্ত্রী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰি ৰে’ল কী বাত কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰে’ল যাত্ৰী সংস্থাৰ আহ্বানত আজি বঙাইগাঁও, সৰুপেটা, চাপৰ, ধুবুৰী, লামডিং, ডিগবৈ, কোকৰাঝাৰ, পাঠশালা, বৰপেটা ৰোড, গুৱাহাটী, গোসাঁইগাঁও, ফকিৰাগ্ৰাম, নামৰূপ, হাইলাকান্দি, ডুমডুমা, উত্তৰ কাঠনি, গহপুৰ, গোৱালপাৰা আদি বিভিন্ন ষ্টেচনত ভাৰপ্ৰাপ্ত ৰে’ল বিষয়াসকলৰ জৰিয়তে সংগঠনসমূহে মুখ্যমন্ত্ৰী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰকেইখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰে’ল সেৱা সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা কিছু বছৰত ব্যাপক পৰিমাণৰ পুঁজি আবণ্টন কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনত বৈদ্যুতিকৰণ আৰু ৰে’লপথ দ্বৈতকৰণ সম্পূৰ্ণ হোৱাৰ পাছতো পর্যাপ্ত স্থানীয় ৰে’লৰ সুবিধা নোহোৱা, ক’ভিডকালত প্ৰত্যাহাৰ কৰা আস্থানসমূহ পুনৰ প্ৰৱৰ্তন কৰা আৰু নতুন পথেৰে স্থানীয় ৰে’লগাড়ী প্ৰৱৰ্তন আদি কেইবাটাও দাবী সন্নিবিষ্ট কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।