ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 18, 2025 1:02 PM | Rail Accident

printer

বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰে’লৰ খুন্দাত তিনিগৰাকী মহিলা নিহত

কামৰূপ জিলাৰ বকোৰ বামুণীগাঁও ৰেল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰেলৰ খুন্দাত তিনিগৰাকী মহিলা নিহত হয়। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে বামুণীগাঁও ৰেল ষ্টেচনৰ এন এন ২৪০ গে’ৰ্টৰ সমীপত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ৰেলৰ খুন্দাত নিহত মহিলা তিনিগৰাকীক বকোৰ দুই নম্বৰ ছটাবাৰীৰ উত্তৰা দাস, ৰুমী দাস আৰু কৰবী মালী বুলি চিনাক্ত কৰা হয়। একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰাত উজনিমুৱা পুৰী এক্সপ্রেছে মহিলাকেইগৰাকীক মহতিয়াই নিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাকেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।