ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 6, 2025 1:04 PM | rail

printer

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলা জনশতাব্দী এক্সপ্ৰেছখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্রী সন্থাৰ আহ্বান

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰেল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰেল যাত্রী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰেল যাত্রী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰেল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰেল গাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক নহলেও অন্ততঃ সপ্তাহত ছদিনকৈ চলাচল কৰালে সমগ্ৰ উত্তৰপৰীয়া ৰাইজ উপকৃত হব বুলি পত্ৰখনত উল্লেখ কৰে। সংগঠনটোৱে এই ৰেলগাড়ীখনৰ উত্তৰ লখিমপুৰৰ পৰা কৰা যাত্ৰাৰ সময় আগুৱাই দিবলৈ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ সময় মাজনিশা ১১ বাজি ২৫ মিনিটৰ পৰিৱৰ্তে সন্ধিয়া ৭ বজা কৰিবলৈকো এন এফ ৰেলৱে কৰ্তৃপক্ষক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।