লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি অভিযোগ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ছয়গাঁৱৰ বনগাঁৱত আয়োজন কৰা এখন দলীয় সমাৱেশত ভাষণ দি শ্রীগান্ধীয়ে কয়, যে মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ভূমি ব্যক্তিগত ব্যৱহাৰৰ বাবে অধিগ্ৰহণ কৰিছে। সংবাদ মাধ্যমে বর্তমান সত্য কথা প্ৰকাশ নকৰে বুলিও ৰাহুল গান্ধীয়ে অভিযোগ কৰে। সমাৱেশত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গেই কংগ্ৰেছ দলে শেহতীয়াকৈ অসমত ইয়াৰ স্থিতি শক্তিশালী কৰিছে বুলি দাবী কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ যোৱা কিছু বছৰত বৃহৎ পৰিমাণে বৃদ্ধি পাইছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয়, যে দেশত যোৱা কেই বছৰত ধনাঢ্যসকলৰ সম্পত্তি বহুগুণে বৃদ্ধি পোৱাৰ বিপৰীতে দুখীয়াসকল অধিক দুখীয়া হৈ গৈছে। অসমৰ জনসাধাৰণৰ ওপৰত বৰ্তমান ২ লাখ কোটি টকাৰ ঋণৰ বোজা পৰিছে বুলিও কংগ্ৰেছ সভাপতিগৰাকীয়ে অভিযোগ কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালেও ভাষণ দিয়ে। ইয়াৰ আগতে মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি গুৱাহাটীৰ এখন হোটেলত কংগ্ৰেছৰ জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰাজনীতিক পৰিক্ৰমা সদস্য, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, সাংসদ-বিধায়ক আৰু দলৰ জিলা সভাপতিসকলৰ সৈতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকৰ প্রাকমুহূৰ্তত দলৰ ৰাজ্যিক সভাপতি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত কয়, যে কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ কল্যাণৰ হকে, খিলঞ্জীয়া মানুহৰ ভূমিপট্টাৰ বাবে আৰু সংখ্যালঘু নিৰাপত্তাৰ বাবে যুঁজ দিব।
Site Admin | July 16, 2025 9:08 PM | rahul gandhi in assam meeting
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ অভিযোগ
