ডাউনলোড
মোবাইল এপ

android apple
signal

June 24, 2025 8:53 PM | Rahul Gandhi

printer

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত খেলিমেলি হোৱা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে। আয়োগে কৈছে, যে নিৰ্বাচনৰ গোটেই প্রক্রিয়া বিকেন্দ্রীকৃতভাবে সম্পন্ন কৰা হৈছে। আয়োগে কয়, যে সংসদে গ্ৰহণ কৰা নির্বাচনী আইন অনুযায়ী ই সকলো নিৰ্বাচন অনুষ্ঠিত কৰে । নির্বাচন প্ৰক্ৰিয়াৰ সৈতে বিভিন্ন ৰাজনৈতিক দলে নিয়োগ কৰা বুথ পৰ্য্যায়ৰ অভিকর্তাকে ধৰি হাজাৰ হাজাৰ লোক জড়িত হৈ থাকে বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে লগতে সকলো বিষয় সম্পর্কে আলোচনা কৰাৰ বাবে পৰস্পৰৰ বাবে সুবিধাজনক সময়ত বৈঠকত মিলিত হবলৈ শ্ৰীগান্ধীক আমন্ত্রণ জনায়। ইপিনে, শ্রীগান্ধীয়ে সংবাদ মাধ্যমৰ বাতৰিৰ জেৰ টানি মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত খেলিমেলি হোৱা আৰু মুখ্যমন্ত্ৰী দেবেন্দ্র ফাড়নবিচৰ সমষ্টিত মাত্র ৫ মাহত ভোটদাতাৰ সংখ্যা ৮ শতাংশ বৃদ্ধি পোৱা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ তুলিছে। অৱশ্যে, শ্রীফাড়নবিচে এই অভিযোগখণ্ডন কৰিছে।

অধিক পঢ়ক

সকলো চাওক