ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 7, 2024 6:17 PM | Rahul Gandhi

printer

৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্তৰ দাবী উত্থাপন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীগান্ধীয়ে কয় যে, বজাৰ নিম্নগামী হোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীসকলৰ ৩০ লাখ কোটি টকা লোকচান হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ষ্টক বজাৰত বিনিয়োগ কৰা ৫ কোটি পৰিয়ালক কিয় বিনিয়োগত বিশেষ পৰামৰ্শ আগবঢ়াইছিল বুলি জানিব খুজিছে। ইফালে, বিজেপিয়ে কংগ্ৰেছৰ দাবী খণ্ডন কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা পীয়ুষ গোৱেলে ৰাহুল গান্ধীয়ে বিনিয়োগকাৰীসকলক প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে । তেওঁ লগতে কয় যে, ৪ জুনত নির্বাচনী ফলাফল ঘোষণা কৰাৰ দিনা বিদেশী বিনিয়োগকাৰীসকলেহে লোকচান ভৰিবলগীয়া হৈছে কিন্তু ভাৰতীয় বিনিয়োগকাৰীসকল লাভান্বিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।