কাইলৈ বিশ্ব অনাতাঁৰ দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রই কাইলৈ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ চানমাৰিত থকা অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ প্রেক্ষাগৃহত আকাশী লহৰ শীর্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিশ্ব অনাতাঁৰ দিৱসৰ এই বছৰৰ প্রতিপাদ্য বিষয় “ৰেডিঅ‘ আৰু জলবায়ু পৰিৱর্তন বিষয়ত বক্তৃতা প্রদান কৰিব ড° অৱনী কুমাৰ ভাগৱতীয়ে। অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্রত সেৱাৰত অনুষ্ঠান পৰিৱেশকসকলে গীত, আবৃত্তি, অভিনয়ৰ বিচিত্রানুষ্ঠান পৰিৱেশন কৰিব।
নগাঁওৰ মধ্য অসম ৰেডিঅ‘ শ্রোতা সংঘই ১৩ ফেব্ৰুৱাৰীৰ বিশ্ব ৰেডিঅ‘ দিৱস উপলক্ষে আজি নগৰীত এটা চাইকেল ৰেলীৰ আয়োজন কৰে। শ্রোতা সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্র নাথে আজি ৰহাত চাইকেলেৰে বিশ্ব ৰেডিঅ‘ দিৱসৰ প্ৰচাৰ চলায়। বিশ্ব ৰেডিঅ‘ দিৱসৰ বেনাৰ, পোষ্টাৰ আৰু প্ৰচাৰ পত্ৰ জিলাখনৰ ৰূপহী, নগাঁও, জাজৰি আদি অঞ্চলত যান-বাহন, দোকান-পোহাৰ আদিত লগাই প্ৰচাৰ কাৰ্য চলোৱা হৈছে। উল্লেখ্য যে এইবাৰ প্ৰয়াত শিল্পী দিগেন মহন্ত, বাউলী কবি কমলা নন্দ ভট্টাচার্য আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত অনাতাঁৰ চেট বিতৰণ কৰা হ‘ব কাইলৈ মধ্য অসম অনাতাঁৰ শ্রোতা সংঘৰ উদ্যোগত আৰু ৰূপহী মহাবিদ্যালয়ৰ সহযোগিতাত মহাবিদ্যালয় খনৰ প্রেক্ষাগৃহত বিশ্ব অনাতাঁৰ দিৱসৰ দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। দিনটোৰ বিশেষ কার্যক্রমণিকাৰ ভিতৰত চাইকেল বেলী, বৃক্ষ ৰোপণ, ঠিতাতে লিখা ৰচনা প্রতিযোগিতা, মুকলি সভা, অন্তৰংগ অনুষ্ঠান আৰু গীত-মাতৰ লগতে মধ্য অসম ৰেডিঅ‘ শ্রোতা সংঘই প্ৰৱৰ্তন কৰা ২০২৫ বৰ্ষৰ “লোকশিল্পী বঁটা বিশিষ্ট লোকশিল্পী শ্রীযুত মিলেশ্বৰ ডেকাক আনুষ্ঠানিক ভাবে প্রদান কৰা হব। অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত ১৫ টা ৰেডিঅ‘ বিতৰণ কৰা হ‘ব। এটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শ্রোতা সংঘটোৰ কাইলৈ ইয়াৰ দ্বিতীয় বর্ষ পূর্তি পালন কৰিব। এই উপলক্ষে কলিয়াবৰত চাইকেল ৰেলী আৰু প্ৰচাৰ পত্ৰ বিতৰণ কৰিব প্রগতিশীল কৃষক খগেন বৰাই।