ডাউনলোড
মোবাইল এপ

android apple
signal

July 20, 2025 12:49 PM | rabi kota meeting

printer

খৰাংসদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ বৈঠক

ৰাজ্যৰ খৰাংসদৃশ পৰিস্থিতিৰ ফলত ২৫খন জিলাত যোৱা ১ জুনৰ পৰা কালিলৈকে বৰষুণ হোৱাৰ পৰিমাণ ৪৩ শতাংশ হ্ৰাস পোৱা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এনে পৰিস্থিতি জলসিঞ্চনৰ সা-সুবিধা নথকা ৰাজ্যৰ কৃষকসকলে বিমোৰত পৰা পৰিলক্ষিত হৈছে। অৱশ্যে শেহতীয়াকৈ মন্ত্ৰীসভাৰ বৈঠকৰ পাছত খৰাংপীড়িত কৃষকক চৰকাৰে ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই কৃষকসকলৰ কিছু পৰিমাণে সকাহ দিছে। ইপিনে ৰাজ্যত অনাবৃষ্টিৰ ফলত সৃষ্টি হোৱা খৰাংসদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই কালি জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।