ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি বৈধ মনোনয়ন-পত্রৰ তালিকা প্ৰকাশ

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থীসকলে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব । উল্লেখযোগ্য যে পৰিষদীয় নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এইবাৰ ৰাভা-হাছং পৰিষদীয় নিৰ্বাচনত ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩০টাত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতি আৰু ৬টা সমষ্টিত বিজেপিয়ে প্রার্থী দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।