November 2, 2024 12:59 PM | Qugiz compition

printer

কাইলৈ লুইতৰ পৰা মিছিচিপিলৈ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন

° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ দিনৰ ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰেন্দ্ৰ নাথ দত্ত বিষয়ক সাতোখন সুৰীয়া নৈ শীৰ্ষক মুকলি কুইজ প্রতিযোগিতাও অনুষ্ঠিত হব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত ইনলি ফাউণ্ডেচনে এই প্রতিযোগিতাখন আয়োজন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দুয়োখন কুইজ প্রতিযোগিতা অনুষ্ঠিত হব বুলি উদ্যোক্তাসকলে জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।