ডাউনলোড
মোবাইল এপ

android apple
signal

পাঞ্জাবৰ অমৃতসৰত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২১লৈ বৃদ্ধি

পাঞ্জাবৰ অমৃতচৰৰ মজিথা বিধানসভা সমষ্টিৰ অধীনৰ ৪ খন গাঁৱৰ জনসাধাৰণে যোৱা নিশা ইথানলৰ পৰা প্ৰস্তুত কৰা বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ভগৱন্ত সিং মানে আজি এই ঘটনাৰ বলি হোৱা লোকসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি কয়, যে এই ঘটনা সংক্রান্তত দুগৰাকী আবকাৰী বিষয়া, এগৰাকী উপ-আৰক্ষী অধীক্ষক আৰু এগৰাকী থানা মুৰব্বীক নিলম্বন কৰা হৈছে। এতিয়ালৈকে এই ঘটনাৰ মূল অভিযুক্তকে ধৰি ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাত নিহত লোকসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ আৰু পৰিয়ালৰ এগৰাকী সদস্যক চাকৰি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ইপিনে, বিধানসভাৰ বিৰোধী পক্ষৰ নেতা প্রতাপ সিং বাজাই এই ঘটনাক লৈ মুখ্যমন্ত্ৰীক তীব্র সমালোচনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক