June 25, 2025 10:01 PM | pune metro rail

printer

পুণে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবর্ধনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৩ হাজাৰ ৬২৬ কোটি টকা ব্যয় সাপেক্ষ পুণে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবর্ধনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ কথা অৱগত কৰি কয় যে ১৩ টা ষ্টেচনেৰে ১২ দশমিক ৭-৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অতিৰিক্ত ৰে’ল পথটো নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে পুণে মেট্ৰ’ ৰে’ল প্ৰকল্পই তথ্য প্রযুক্তি হাব, বাণিজ্যিক অঞ্চল, শিক্ষা প্ৰতিষ্ঠান আৰু আৱাসিক অঞ্চলক সামৰি ৰাজহুৱা পৰিবহণ ব্যৱস্থা সূচল কৰিব । শ্রীবৈষ্ণৱে কয় যে, কেবিনেটে লগতে ঝাৰখণ্ডৰ ঝাৰিয়াৰ কয়লাখনি পুনৰ প্ৰৱৰ্তনৰ বাবে মাষ্টাৰ প্লেনৰ পুনৰীক্ষণ কৰিব। তেওঁ কয়, যে পুনৰ প্ৰৱৰ্তন কৰা মাষ্টাৰ প্লেনৰ জৰিয়তে ঝাৰিয়া কয়লাখনিৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন, ভূমিৰ বিনিময়ত ক্ষতিপূৰ্ণ দিয়া আদি বিষয়সমূহ সামৰি লোৱা হৈছে। তেওঁ কয় যে ইয়াৰ বাবে ৫ হাজাৰ ৯৪০ কোটি টকা ধাৰ্য কৰা হৈছে। শ্রীবৈষ্ণৱে লগতে জানিবলৈ দিয়ে যে কেবিনেটে লগতে উত্তৰ প্ৰদেশৰ আগ্ৰাত আন্তৰাষ্ট্ৰীয় আলু কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ ফলত আলু আৰু মিঠাআলুৰ উৎপাদন বৃদ্ধি আৰু আলু বীজৰ সংৰক্ষণৰ ব্যৱস্থাপনা তথা মূল্য সংযোজনেৰে খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষা, কৃষকৰ আয় আৰু চাকৰিৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ৫০ বছৰ পালনৰ সিদ্ধান্ত লোৱা হয়। তেওঁ কয়, যে জৰুৰীকালিন অৱস্থাৰ সাহসিকতাৰে বিৰোধিতা কৰা অসংখ্য লোকৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত লয়। বৈঠকৰ পূৰ্বে জৰুৰীকালীন সময়ত দেশৰ গণতান্ত্রিক অধিকাৰ সুৰক্ষাৰ হকে যুজ দিয়া ব্যক্তিসকলৰ স্মৃতিত ২ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। তেওঁ কয় যে আজিৰ বৈঠকত Axiom-4 মহাকাশ অভিযানৰ সফল উৎক্ষেপনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয়। এই অভিযানত ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্তেইন শুধাংশু শুক্লাসহ-হাংগেৰী-পোলেণ্ড আৰু আমেৰিকাৰ ৪ গৰাকী মহাকাশচাৰী মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।