শাৰদীয় দুর্গা পূজা উপলক্ষে পূজা সমিতিসমূহৰ মাজত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলযোগে দুৰ্গা পূজাৰ পৰা কালী পূজালৈকে স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে। এই অনুসৰি প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ২৫ খন পূজা সমিতিক ১০ হাজাৰ টকাকৈ, দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত ৫০ খন পূজা সমিতিক ৭ হাজাৰ টকাকৈ আৰু তৃতীয় পুৰস্কাৰপ্ৰাপ্ত ১০০ খন পূজা সমিতিক ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। এই প্ৰতিযোগিতাৰ বাবে গুৱাহাটী পৌৰ নিগমে এখন প্ৰ- পত্ৰ যুগুত কৰি উলিয়াইছে বুলিও শ্ৰী শৰণীয়াই প্ৰকাশ কৰে। ইয়াৰ উপৰি পেলনীয়া সামগ্ৰী তথা জাৱৰ আদি সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা বেচৰকাৰী সংস্থাসমূহৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত ভূমিকা লোৱা পাৰিষদসমূহৰ সংশ্লিষ্ট ৱাৰ্ডৰ উন্নয়নৰ বাবেও বিশেষ পুঁজি আগবঢ়োৱা হ’ব। দুৰ্গা পূজাৰ মণ্ডপসমূহত আমাৰ গুৱাহাটী, দায়িত্বও আমাৰ শীৰ্ষক শ্লোগান লগোৱাৰ ব্যৱস্থা কৰিব বুলিও মেয়ৰগৰাকীয়ে উল্লেখ কৰে ।