উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লে ৪৬ খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে । দুৰ্গা পূজা, দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰপ্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰে’লসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, এছ এম ভি টি বেংগালুৰু, অমৃতসৰ, নিউ জলপাইগুৰি, গুমৰ্টিনগৰ, কিষাণগঞ্জ, নাহৰকটীয়া গঞ্জ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগুণ, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহৰ মাজত চলাচল কৰিব।
Site Admin | September 23, 2025 11:19 AM | NF Railway
উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৰ ৪৬খন বিশেষ ৰে’লৰ ব্যৱস্থা
