আজি জনসেৱা সম্প্ৰচাৰ দিৱস। আজিৰ দিনটোতেই আকাশবাণী যোগে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ঐতিহাসিক ভাষণ প্ৰদান কৰাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে নৱেম্বৰ মাহৰ ১২ তাৰিখে এই দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ আজিৰ দিনটোতে আকাশবাণীৰ নতুন দিল্লীৰ কেন্দ্ৰটো প্ৰথমবাৰ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁক স্বাধীনতা সংগ্ৰামী ৰাজকুমাৰী অমৃত কৌৰে সংগ দিছিল। প্ৰথমতে গান্ধীয়ে ৰেডিঅ‘ত কথা ক‘বলৈ দ্বিধাবোধ কৰিছিল, কিয়নো ইয়াৰ পূৰ্বে তেওঁ ঘূৰণীয়া মেজ মেলৰ সময়ত মাত্ৰ এবাৰহে ৰেডিঅত সম্বোধন কৰিছিল। অৱশ্যে ঘনশ্যাম দাস বিৰলাৰ পৰামৰ্শমতে পিছত তেওঁ ভাষণ দিবলৈ সন্মত হয়। মহাত্মা গান্ধীয়ে ৰেডিঅ‘ক অলৌকিক শক্তিৰ উদাহৰণ হিচাপে অভিহিত কৰাৰ বুলি বাতৰি কাকতত প্রকাশ পাইছিল। ২০০০ চনত তেতিয়াৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী সুষমা স্বৰাজে ঘোষণা কৰিছিল যে প্ৰতি বছৰে ১২ নৱেম্বৰৰ দিনটো জনসেৱা সম্প্ৰচাৰ দিৱস হিচাপে পালন কৰা হ‘ব। তেতিয়াৰ পৰাই আকাশবাণীয়ে প্ৰতি বছৰে বিশেষ অনুষ্ঠানেৰে এই দিৱস উদযাপন কৰি আহিছে।
২০২৩ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত‘ৰ ১০০ সংখ্যক খণ্ডত মহাত্মা গান্ধীয়ে ঐতিহাসিক বার্তা প্ৰদান কৰা আকাশবাণীৰ ষ্টুডিঅ‘টোক ‘বাপু ষ্টুডিঅ‘ নামেৰে অভিহিত কৰে।
জনসেৱা সম্প্ৰচাৰ দিৱসে সম্প্ৰচাৰৰ সৈতে জড়িত ব্যক্তিসকলক জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ আৰু শিক্ষাক দেশৰ প্ৰতিটো কোণলৈ আগবঢ়াই নিবলৈ অনুপ্রাণিত কৰে।