দেশভক্তি দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে অহা ২৭ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ নেতৃত্ব আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ অপৰিসীম শ্রদ্ধাক পুনৰ স্মৰণ আৰু সন্মান জনোৱাৰ প্ৰয়াস হিচাপে এই কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি এটা দলত ৩ জন সদস্য থাকিব লাগিব। বিজয়ী প্রতিযোগীক এক লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব। আগ্ৰহীসকলে ১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ বিনামুলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব।
Site Admin | July 2, 2025 8:00 PM | Public relation
দেশভক্তি দিৱস উপলক্ষে অহা ২৭ জুলাইত কুইজ প্রতিযোগিতাৰ আয়োজন