উত্তৰ-পূব উন্নয়ন মন্ত্র্যালয়ে প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূবৰ বাবে উন্নয়ন উদ্যম আঁচনিৰ অধীনত অঞ্চলটোৰ বাবে ১৩৫ কোটি ৫৩ লাখ টকাৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। অসম, নাগালেণ্ড আৰু ত্ৰিপুৰা এই প্রকল্প দুটাৰ পৰা উপকৃত হ’ব। প্ৰথমটো প্ৰকল্পৰ ওপৰত বাঁহ উৎপাদিত অঞ্চলসমূহৰ সৱলীকৰণ আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰপ্তানি সূচল কৰি ইঞ্জিনীয়ার্ড বেম্ব’ অর্থাৎ বাঁহৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ’ব। উত্তৰ-পূব বাঁহ-বেত উন্নয়ন পৰিষদে অসম আৰু নাগালেণ্ডৰ বাবে ৭০ কোটি ৯৮ লাখ টকা ব্যয়সাপেক্ষ এই প্রকল্প ৰূপায়ণ কৰিব। ৬৪ কোটি ৫৫ লাখ টকা ব্যয়সাপেক্ষ দ্বিতীয়টো প্ৰকল্পৰ অধীনত অসম আৰু ত্ৰিপুৰাত অগৰু কাঠ উৎপাদিত অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা হ’ব। উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন পৰিষদ লিমিটেডে এই প্রকল্প ৰূপায়ণ কৰিব। অলপতে নতুন দিল্লীত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূবৰ বাবে উন্নয়ন উদ্যম আঁচনিৰ ক্ষমতাপ্রাপ্ত আন্তঃমন্ত্ৰ্যালয় কমিটীৰ বৈঠকত এই প্রকল্প দুটাত অনুমোদন জনোৱা হয়।
Site Admin | December 4, 2025 12:59 PM | Project NE
উত্তৰ-পূব উন্নয়ন মন্ত্র্যালয়ৰ ১৩৫ কোটি ৫৩ লাখ টকাৰ দুটা প্রকল্পত অনুমোদন