ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰক’ইল সংযোগী পথেৰে চলাচল কৰিব। এই নতুন বন্দে ভাৰত ৰে’লগাড়ী কেইখনে যাতায়াতৰ বিশ্বমানৰ মাধ্যম প্ৰদান কৰিব আৰু ইয়াৰ পৰা উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকৰ জনসাধাৰণ উপকৃত হ’ব। এই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী কেইখনৰ যাত্ৰাৰ শুভাৰম্ভৰ লগে লগে নিয়মীয়া যাত্ৰী, বৃত্তিধাৰী লোক, ব্যৱসায়ী আৰু ছাত্ৰ সমাজৰ বাবে ৰে’লসেৱাৰ নতুন মানৰ সূচনা হ’ব। আমাৰ সংবাদদাতাই জনাইছে যে মিৰাট আৰু লক্ষ্ণৌ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ ৮টা দবা থাকিব আৰু ৰে’লগাড়ীখনে প্রায় ৭ ঘণ্টা ১৫ মিনিটত যাত্রা সম্পূৰ্ণ কৰিব। চেন্নাই এগ্‌মোৰৰ পৰা নাগেৰকইলৰ মাজত চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীখনে ত্রিচী, মডুৰাই, দিন্দিগুল আৰু তিৰুনেল ভেলীসহ গুৰুত্বপূৰ্ণ ঔদ্যোগিকথলী, ব্যৱসায় আৰু পৰ্যটনথলীসমূহৰ মাজত যোগাযোগ সুদৃঢ় কৰি তুলিব।