প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিব। ভ্রমণকালত শ্রীমোদীয়ে ভাৰত আৰু ব্ৰিটেইন দ্বিপাক্ষিক সম্পর্কক লৈ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰৰ সৈতে আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় স্বার্থ জড়িত বিভিন্ন সমস্যা তথা বিষয়ত মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণকালত উভয় দেশে বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, জলবায়ু, স্বাস্থ্য, শিক্ষা আৰু জনসম্পৰ্কীয় বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ চতুৰ্থটো ব্ৰিটেইন ভ্রমণ । এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রী মোদী দুদিনীয়া কাৰ্যসূচীৰে ২৫ জুলাইত মালদ্বীপলৈ যাব। শ্রীমোদীয়ে মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই ভ্রমণকালত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব। দুয়োগৰাকী নেতাই ভাৰত-মালদ্বীপে যুটীয়া লক্ষ্যৰে গ্ৰহণ কৰা অৰ্থনৈতিক আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰিত্ব ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰিব। এই ভ্রমণে উভয় দেশকে দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰি তোলাৰ বাবে সুযোগ প্ৰদান কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ তৃতীয়টো মালদ্বীপ ভ্রমণ ।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব