প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ ৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ বিষয়ে পুনৰ দৃঢ়তাৰে উল্লেখ কৰে। শ্ৰীমোদীয়ে স্বাধীনতা আন্দোলনৰ সৈতে এই বিষয়টো তুলনা কৰি কয় যে যদিহে আমাৰ পূৰ্বৰ প্ৰজন্মই ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰত দেশৰ পৰা ব্ৰিটিছৰ শাসন ওফৰাই দিবলৈ সমৰ্থ হৈছিল, তেনেহ’লে বৰ্তমানৰ ১৪০ কোটি নাগৰিকে অহা ২৫ বছৰৰ ভিতৰত উন্নত ভাৰতৰ সপোন অনুধাৱন কৰিবলৈ সমৰ্থ হ’ব। গান্ধী নগৰত কালি গুজৰাট আৰবান গ্ৰ’থ ষ্টৰীৰ ২০ বছৰ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক বিকাশ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে দেশে আন্তঃৰাষ্ট্ৰীয় প্রতিদ্বন্দ্বীসকলক পিছ পেলাই যোৱাক লৈ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে ২০৩৬ চনত দেশত অলিম্পিক প্রতিযোগিতাৰ আয়োজন কৰাৰ আকাংক্ষাৰ কথা দোহাৰি আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব বহন কৰাৰ বাবে দেশৰ প্ৰস্তুতিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ দুদিনীয়া গুজৰাট ভ্রমণকালত ৮২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
Site Admin | May 28, 2025 10:37 AM | Prime Minister Narendra Modi india 2047 gujrat urban
ভাৰতক ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
