January 12, 2026 12:13 PM | Prhlad joshi

printer

ষোড়শ আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ সন্মিলনত প্রহ্লাদ যোশীৰ অংশগ্রহণ

ভাৰতে ২০৩০ চনত ৫০০ গিগাৱাট অজীৱাশ্ম ইন্ধন আৰু ২০৭০ চনত শূন্য কার্বন নির্গমনৰ লক্ষ্যপ্ৰাপ্তিৰ প্রতিশ্রুতি লোৱা হৈছে। ডুবাইত অনুষ্ঠিত ষোড়শ আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ সন্মিলনত কেন্দ্রীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে অংশগ্রহণ কৰি কয় যে ভাৰতে বসুধৈর কুটুম্ব কম নীতিৰে আৰু এখন পৃথিবী, এটা পৰিয়াল, এটা ভবিষ্যতৰ দৃষ্টিৰে শক্তি আহৰণত গুৰুত্ব দিছে। তেওঁ কয়, যে এই দৃষ্টিভংগীয়ে সমতা, সংহত আৰু স্থিৰ নীতিৰ ক্ষেত্ৰত দীর্ঘম্যাদী প্ৰভাৱ পেলাব। শ্রীযোশীয়ে কয়, যে ভাৰতে ইতিমধ্যে ২০২৫ চনত ৫০ শতাংশ অজীবাশ্ম ইন্ধন আহৰণ কৰিবলৈ সমর্থ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।