ডাউনলোড
মোবাইল এপ

android apple
signal

August 15, 2025 9:18 AM | President speech

printer

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সামাজিক খণ্ডৰ উদ্যমৰ লগতে সৰ্বাংগীন অর্থনৈতিক বিকাশৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয়, যে অমৃত কাল অর্থাৎ‍ স্বাধীনতা লাভৰ ৭৫ বছৰৰ পৰা ১০০ বছৰৰ সময়ছোৱাত দেশ প্ৰগতিৰ পথত আগবাঢ়িছে আৰু প্ৰতিগৰাকী নাগৰিকে এই ক্ষেত্ৰত সামর্থ্য অনুযায়ী অৱদান আগবঢ়াইছে। যুৱ প্ৰজন্ম, মহিলা আৰু দীৰ্ঘ সময় ধৰি উপান্ত শ্ৰেণীৰ আওতাত থকা সম্প্রদায়সমূহে বিকশিত ভাৰতৰ নেতৃত্ব বহন কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মৱে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণত নিৰীহ লোকৰ হত্যাক কাপুৰুষালিভৰা আৰু অমানৱীয় কাৰ্য বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে নির্ণায়ক আৰু দৃঢ় সংকল্পৰে এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। এই অপাৰেচনৰ পৰা দেশৰ সেনা বাহিনী যে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সম্পূৰ্ণ ৰূপে সাজু সেয়া স্পষ্ট হৈ পৰে। শ্ৰীমতী মুৰ্মুৱে কৌশলগত স্পষ্টতা আৰু কাৰিকৰী সামৰ্থ্যৰে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক ভূয়ষী প্ৰশংসা কৰে। অপাৰেচন সিন্দূৰৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ইতিহাসৰ পাতত এই অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজ নিদৰ্শন ৰূপে লিপিবদ্ধ হ’ব। তেওঁ কয়, যে আক্রমণাত্মক নহয়, কিন্তু ভাৰতে যে দেশ ৰক্ষাৰ বাবে যোগ্য প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰে, সেয়া বিশ্বই প্ৰত্যক্ষ কৰিছে। অপাৰেচন সিন্দূৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পৰীক্ষা আছিল বুলিও ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে। তেওঁ কয়, যে দেশৰ থলুৱা নিৰ্মাণে গুৰুত্বপূৰ্ণ পৰ্যায়ত উন্নীত হৈছে আৰু ইয়াৰ ফলত সুৰক্ষা আৱশ্যকতা পূৰণৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰ হৈ উঠিছে। এয়া স্বাধীনতা লাভৰ পাছত দেশৰ প্ৰতিৰক্ষা ইতিহাসৰ অভূতপূর্ব সাফল্যৰূপে পৰিগণিত হৈছে বুলি শ্ৰীমতী মুর্মুৱে উল্লেখ কৰে। তেওঁ কয়, যে যোৱা বিত্তীয় বৰ্ষত ৬ দশমিক ৫ শতাংশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰেৰে ভাৰত বিশ্বৰ গুৰুত্বপূৰ্ণ অর্থ ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ বিকাশশীল অৰ্থব্যৱস্থা ৰূপে পৰিগণিত হৈছে। তেওঁ কয়, যে গোলকীয় অর্থ ব্যৱস্থাত দেখা দিয়া হেঁচা স্বত্বেও দেশত ঘৰুৱা চাহিদা বৃদ্ধি পাইছে আৰু মুদ্রাস্ফীতি নিয়ন্ত্ৰণত আছে আৰু ৰপ্তানিও বৃদ্ধি পাইছে। ঘাই ঘাই সূচ্যাকসমূহে অর্থ ব্যৱস্থা সুস্থ হৈ থকাৰ ইগিংত বহন কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সতর্কতাভাৱে গ্ৰহণ কৰা সংস্কাৰ আৰু দক্ষ আৰ্থিক ব্যৱস্থাপনাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয়, যে সু-প্ৰশাসনৰ মাধ্যমেৰে ভালেসংখ্যক লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰা হৈছে। আয়ৰ অসমতা হ্ৰাস পোৱা আৰু আঞ্চলিক বৈষম্য হ্ৰাস পোৱাক লৈ ৰাষ্ট্ৰপতিয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বতে দুৰ্বল অৰ্থনৈতিক প্ৰদৰ্শনৰ বাবে জনাজাত ৰাজ্য আৰু অঞ্চলসমূহেও সম্প্রতি প্রকৃত সম্ভাৱনা বাস্তৱায়িত কৰি অগ্ৰণী ৰাজ্যসমূহৰ সৈতে ফেৰ মাৰিব পৰা হৈছে। শ্ৰীমতী মুমুৱে কয়, যে ভাৰতমালা প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সম্প্ৰসাৰণ কৰা হৈছে আৰু ইয়াক সুদৃঢ় কৰি তোলা হৈছে। তেওঁ কয়, যে ৰেল বিভাগে নতুন নতুন প্ৰকাৰৰ ৰে’লগাড়ী আৰু শেহতীয়া প্ৰযুক্তিৰে সু-সজ্জিত ডবা প্ৰৱৰ্তন কৰি উদ্ভাৱণৰ পৰিচয় দিছে। শ্ৰীমতী মুৰ্মুৱে কাশ্মীৰ উপত্যকাত ৰেলপথৰ উদ্বোধনক গুৰুত্বপূৰ্ণ সাফল্য বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দ্রুত নগৰীকৰণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ট্ৰে ৰে’লৰ সম্প্ৰসাৰণকে ধৰি চহৰসমূহৰ স্থিতিৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে বুনিয়াদী সা-সুবিধাসমূহক নাগৰিকসকলৰ অধিকাৰ বুলি অভিহিত কৰে। তেওঁ কয়, যে গ্ৰামাঞ্চলৰ পৰিয়ালসমূহলৈ নল যোগে পানী যোগানৰ ক্ষেত্ৰত জলজীৱন মিছনে বিপ্লৱৰ সূচনা কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ ভাষণত আয়ুষ্মান ভাৰতৰ অধীনত বিভিন্ন উদ্যমসমূহে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰা বুলি অভিহিত কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত ইতিমধ্যে ৫০ কোটিৰো অধিক লোকক সামৰি লোৱা হৈছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে চৰকাৰে আয় নিৰ্বিশেষে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ এই সুবিধা সম্প্ৰসাৰিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা কাৰিকৰী প্ৰগতিৰ পৰৱৰ্তী পৰ্যায় আৰু এই প্ৰযুক্তিয়ে ইতিমধ্যে জনসাধাৰণৰ জীৱনত ভূমুকি মাৰিবলৈ লৈছে। দেশৰ কৃত্রিম বুদ্ধিমত্তা সামৰ্থ্যৰ বিকাশৰ বাবে চৰকাৰে ইণ্ডিয়া এ আই মিছন আৰম্ভ কৰিছে বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত গোলকীয় কৃত্ৰিম বুদ্ধিমত্তাৰ কেন্দ্ৰ হোৱা বাবে ভাৰতে শাসন ব্যৱস্থাৰ উন্নয়নৰ জৰিয়তে জীৱনৰ মান উন্নত কৰাৰ অৰ্থে জনসাধাৰণৰ বাবে উন্নত প্রযুক্তিৰ সৰ্বোকৃষ্ট ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি যাব। যুৱ প্ৰতিভাৰ বলত দেশৰ মহাকাশ কাৰ্যসূচী অভূতপূর্বভাৱে সম্প্ৰসাৰিত হৈছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে । তেওঁ লগতে সুভাংশু শুক্লাৰ মহাকাশ যাত্ৰাই যুৱ প্ৰজন্মক বৃহৎ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।