ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি ভৱনত ৭১গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৭১ গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা- পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাচাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক নৃত্যাচার্য যতীন গোস্বামীক পৰৱৰ্তী পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ’ব। বিশিষ্ট ভায়লিনবাদক তথা সুৰকাৰ ড০ এল সুব্রমনিয়ম আৰু গেষ্ট এণ্ট্ৰ’লজিষ্ট ডাঃ নাগেশ্বৰ ৰেড্ডীক কালি পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। বিশিষ্ট জাপানী উদ্যোগপতি তথা ছুজুকী মটৰ কৰ্পৰেশ্বনৰ অধ্যক্ষ ওচামা ছুজুকীলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্য প্ৰকাশ, চলচ্চিত্র অভিনেতা অনন্ত নাগ, নন্দামুৰী বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, বোলছবি নির্মাতা শেখৰ কাপুৰ আৰু ভৰত নাট্যম নৃত্যশিল্পী শ্ব’বনা চন্দ্ৰকুমাৰ, ভাৰতীয় হকী দলৰ প্রাক্তন অধিনায়ক পি আৰ শ্ৰীজেশ অন্যতম। বিশিষ্ট গজল গায়ক পংকজ উধাছক মৰণোত্তৰভাৱে প্ৰদান কৰা এই বঁটা তেওঁৰ পত্নীয়ে গ্ৰহণ কৰে। ক্ৰিকেটাৰ ৰবিচন্দ্রন অশ্বীন, এছ বি আইৰ প্ৰাক্তন অধ্যক্ষ অৰুন্ধতি ভট্টাচাৰ্য্যলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়।

অধিক পঢ়ক

সকলো চাওক