ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ দেশবাসীলৈ শুভেচ্ছা

দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তা যোগে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়, বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, যে গুৰু নানকে প্রেম, ভালপোৱা, ভাতৃত্ববোধ, সত্য আৰু ত্যাগৰ দৰে প্ৰমূল্যৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ শিকনিৰাজিয়ে জনসাধাৰণক নৈতিক মূল্যবোধৰ পথ দেখুৱাই আহিছে। গুৰু নানকে লংগৰ নামেৰে পৰিচিত সমূহীয়া ৰান্ধনিশাল ব্যৱস্থাৰ প্ৰচলন কৰিছিল আৰু ভাতৃত্ববোধৰ পোষকতা কৰিছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে গুৰু নানকে সামাজিক দায়িত্ব পালন কৰি আধ্যাত্মিকতাৰ পথ অনুসৰণ কৰিবলৈ সকলোকে উদ্বুদ্ধ কৰি আহিছে।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কয়, যে গুৰু নানকৰ জীৱন জ্ঞানৰ পোহৰ স্বৰূপ আৰু তেওঁৰ জীৱনে মানৱ সেৱাৰ বাৰ্তা বহন কৰে।