মানৱাধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে কাইলৈ নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সম্বোধন কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কাইলৈ মানৱাধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানক সম্বোধন কৰিব। প্ৰতি বছৰে ১০ ডিচেম্বৰত উদযাপন কৰা মানৱাধিকাৰ দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে আমাৰ অধিকাৰ, আমাৰ ভৱিষ্যৎ, এতিয়াই। এই বিষয়বস্তুৱে মানৱাধিকাৰ যে কেৱল এটা আকাংক্ষাই নহয়, বৰঞ্চ ই ব্যক্তি আৰু সম্প্ৰদায়ক সৱল কৰি তেওঁলোকৰ উন্নত ভৱিষ্যৎ নিৰ্মাণৰ ব্যৱহাৰিক আহিলা– এই ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এটা বিবৃতিযোগে প্রকাশ কৰিছে যে, কাইলৈ মানৱাধিকাৰ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি মানসিক উৎকর্ষ সাধন- শ্ৰেণীকোঠাৰ পৰা কৰ্মক্ষেত্ৰলৈকে মানসিক চাপ নিয়ন্ত্রণ সন্দৰ্ভত এখন দিনজোৰা ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।