ডাউনলোড
মোবাইল এপ

android apple
signal

শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা

শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি ব্ৰাটিশ্লাভাত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয় লৈ মত বিনিময় কৰে। এই সাক্ষাৎকালত দুখন বুজাবুজিৰ চুক্তি সম্পাদিত হয়। শ্ৰীমতী মুৰ্মুৱে দ্রুত সম্প্ৰসাৰিত, সংবাদ মাধ্যম, মনোৰঞ্জন আৰু সৃজনশীল অর্থ ব্যৱস্থা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰ’ৱাৰ্ট ফিকো আৰু দেশৰ সংসদ নেচনেল কাউন্সিলৰ অধ্যক্ষ ৰিছাৰ্ড ৰাছিকো সাক্ষাৎ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।