ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। প্ৰাক্তন মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰ আৰু কুমুদনি ৰজনীকান্ত লাখিয়াক ৰাজহুৱা পৰিক্ৰমা আৰু কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ সন্মানেৰে বিভূষিত কৰা হয়। প্ৰসিদ্ধ লোক গায়িকা সাৰদা সিনহাক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হয়। পদ্ম ভূষণ সন্মানেৰে বিভূষিত ব্যক্তিসকলৰ ভিতৰত অসমৰ খ্যাতনামা নৃত্য শিল্পী নৃত্যাচাৰ্য্য যতীন গোস্বামী, কৈলাশ নাথ দীক্ষিত, সাধৱী ৰিতমভৰা অন্যতম। বিশিষ্ট অর্থনীতিবিদ বিবেক দেৱৰায়ক মৰণোত্তৰভাৱে এই সন্মানেৰে বিভূষিত কৰা হয়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাসকলৰ ভিতৰত মান্দা কৃষ্ণা মাদিগা, ড০ নীৰজা ভাটলা, সন্ত ৰাম দেশৱাল, ছয়িদ আইনুল হাছান, প্ৰশান্ত প্ৰকাশ আৰু নগেন্দ্ৰনাথ ৰয় অন্যতম। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত অনুষ্ঠিত প্রথম অসামৰিক অলংকৰণ সমাৰোহত ৭১গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰিছিল।
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৬৯গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান
