ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মক উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ জন্মদিন উপলক্ষে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু তেওঁ পত্নী ডº সুৰেশ ধনখড়ে ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুক সাক্ষাৎ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাজহুৱা জীৱনত ৰাষ্ট্ৰপতিগৰাকীৰ সমৃদ্ধ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে শ্রীমতী মুৰ্মৰ সুখ আৰু সুস্বাস্থ্যৰে সমৃদ্ধ দীর্ঘ জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতিগৰাকীৰ সেৱা আৰু ৰাষ্ট্ৰৰ প্ৰতি কৰা সমর্পণে সকলোকে অনুপ্রাণিত কৰে বুলি প্ৰকাশ কৰিছে। দৰিদ্ৰ তথা পিছপৰা লোকসকলৰ সেৱা কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে ৰাষ্ট্ৰপতি মুর্মু এক শক্তিশালী পথ প্রদর্শক বুলি প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰিছে। তেওঁ লগতে কয় যে, ৰাষ্ট্ৰপতি মুর্মুৰ জীৱন যাত্রাই কোটি কোটি লোকক আশাৰ পোহৰ দেখুৱাইছে। শ্রীমতী মুর্মুৰ অক্লান্ত সেৱা, দূৰদৰ্শী নেতৃত্বৰ বাবে ভাৰত সদায় তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে পোষ্টটোত কয়।

ইফালে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে জন্মদিন উপলক্ষে নতুন দিল্লীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীৰ কল্যাণ তথা দেশে প্ৰগতিৰ নতুন আর্হি স্থাপন অব্যাহত ৰখাৰ বাবে মন্দিৰত প্ৰাৰ্থনা কৰা বুলি প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।