ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আজি এংগোলা আৰু বটছৱানা ভ্ৰমণলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি এংগোলা আৰু বটছৱানা ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা হ’ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মু এংগোলাৰ ৰাষ্ট্ৰপতি জ’ৱাও মেনুৱেল গনকাল্ভছ লৰেনক’ৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। উল্লেখযোগ্য যে এই বছৰ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰ সম্পূৰ্ণ হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে কাইলৈ দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। শ্রীমতী মুর্মুৱে ১১ নৱেম্বৰত ৰাষ্ট্ৰখনৰ ৫০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো ভাগ ল’ব। তেওঁ এংগোলাৰ সদনত ভাষণ দিয়াৰ লগতে দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। ভাৰত আৰু এংগোলাৰ মাজত বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পর্ক আছে। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ভ্রমণে দুয়োখন দেশৰ মাজত বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পর্ক পর্যালোচনা কৰি পাৰস্পৰিক সহযোগিতাৰ দিশটো সুদৃঢ় কৰিব।

ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী মুর্মু অহা ১১ নৱেম্বৰত বটছৱানালৈ যাব। এই ভ্রমণে বটছৱানাৰ সৈতে থকা দীর্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণকালত দেশখনৰ ৰাষ্ট্ৰপতি ডুমা গিডিয়ন বুকুনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। তেওঁ লগতে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু তাত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।