ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি ৰাজস্থানত উপস্থিত হ’ব

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি ৰাজস্থানত উপস্থিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণকালত উদয়পুৰস্থিত মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ ৩২সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে মাউণ্ট আবুট প্রজাপিতা ব্রহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আয়োজন কৰা এখন আন্তর্জাতিক সন্মিলনত উপস্থিত থাকিব। ৰাজস্থান চৰকাৰৰ উদ্যোগত আয়োজিত আদি গৌৰৱ সন্মান সমাৰোহতো ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব।