ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংসদত গৃহীত ৱকফ সংশোধনী বিধেয়ক ২০২৫ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই সপ্তাহত সংসদত গৃহীত ৱকফ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনাইছে। ইয়াৰ লগে লগে বিধেয়কখন আইনত পৰিণত হৈছে। উল্লেখযোগ্য যে লোকসভাই বৃহস্পতিবাৰে বিধেয়কখন গ্রহণ কৰিছিল। নিম্ন সদনত ২৮৮ গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই বিপক্ষে ভোট দিছিল। ৰাজ্যসভাত ৱকফ সংশোধনী বিধেয়ক ২০২৫ শুকুৰবাৰে গৃহীত হৈছিল। উচ্চ সদনত ১২৮ গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু ৯৫ গৰাকীয়ে বিপক্ষে ভোটদান কৰিছিল। ৰাষ্ট্ৰপতিয়ে লগতে মুছলমান ৱকফ বাতিলকৰণ বিধেয়ক ২০২৫তো অনুমোদন দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।