ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি প্ৰকাশ পাবলগীয়া প্রাক নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে

আজি প্ৰকাশ পাবলগীয়া প্রাক নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব’ বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্ৰাক নির্বাচনী সমীক্ষা বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জানিবলৈ দিছে।