ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাত ৰেইলৱায়াৰ ব্ৰডবেণ্ডত ‘ফ্রিডম প্লান’ আৰম্ভ

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাৰে ৰেইলৱায়াৰ ব্ৰডবেণ্ডত ‘ফ্রিডম প্লান’ আৰম্ভ কৰা হৈছে। কালি নতুন দিল্লীত এটা অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু ৰেইলটেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় কুমাৰে এই পৰিকল্পনা উন্মোচন কৰে। এই উপলক্ষে ভাষণ দি দ্বিবেদীয়ে কয় যে দেশে ডিজিটেল বিপ্লৱক আঁকোৱালি লোৱাৰ সময়ত WAVES OTT প্লেটফৰ্ম প্ৰসাৰ ভাৰতীৰ বাবে এক পৰিৱৰ্তনশীল মাধ্যম। ই ভাৰতক বৃহত তথা বৈচিত্রময় দৰ্শকৰ সৈতে অভূতপূর্বভাৱে সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰে। তেওঁ জোৰ দি কয় যে ডিজিটেল সংযোগক পুনৰ সংজ্ঞায়িত কৰা, পৰম্পৰাগত সম্প্ৰচাৰ আৰু আধুনিক ষ্ট্ৰিমিঙৰ মাজৰ ব্যৱধান দূৰ কৰা, আৰু নিৰৱচ্ছিন্ন সংযোগ তথা মনোৰঞ্জনৰ দ্বাৰা জনসাধাৰণক সবলীকৰণ কৰাই এই সন্মিলিত প্রচেষ্টাৰ লক্ষ্য। তেওঁ লগতে কয় যে, প্ৰসাৰ ভাৰতীক নাগৰিকৰ কাষ চাপিবলৈ আইনৰ দ্বাৰা বাধ্যতামূলক কৰা হৈছে আৰু ৰাজহুৱা সম্প্ৰচাৰক হিচাপে অ’টিটি প্লেটফৰ্ম মুকলি কৰি প্ৰসাৰ ভাৰতীয়ে প্ৰযুক্তিৰ সৈতে খোজ মিলাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।