কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত পৰহিলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। দিছপুৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে বিটিআৰ বিধান পৰিষদীয় ভৱন আৰু সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ নগৰখনক সজাই-পৰাই তোলা হৈছে। অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বাজেট অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীবড়োয়ে কয়, যে বিটিআৰলৈ ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ ক্ষেত্ৰত এই বাজেট অধিৱেশন গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হ’ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে ১৭ ফেব্ৰুৱাৰীত বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব। ৰাজ্যপালগৰাকী আজি বন্দে ভাৰত ৰে’লগাড়ীৰে কোকৰাঝাৰত উপস্থিত হ’ব আৰু কাইলৈ তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশগ্ৰহণ কৰিব। তদুপৰি শ্ৰীআচাৰ্যই কেন্দ্ৰীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, চি আই টিৰ এটা অনুষ্ঠানতো উপস্থিত থাকিব। এই অনুষ্ঠানত তেওঁ অঞ্চলটোৰ কৃষক, উদ্যোগী আৰু বিভিন্ন স্তৰৰ নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ৰাজ্যপালগৰাকীয়ে কোকৰাঝাৰৰ চৰাইখোলাত থকা অতিথিশালাত দুটা নিশা কটাব। অধিৱেশনৰ দিনা ৰাজ্যপাল আচাৰ্যক বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিধান পৰিষদীয় ভৱনলৈ আদৰি আনিব। বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰী, বিধায়কসকল ১৭ ফেব্ৰুৱাৰীৰ পুৱাই গুৱাহাটীৰ পৰা ৪ খন চার্টার্ড বাছত কোকৰাঝাৰলৈ ৰাওনা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাও সেইদিনাই কোকৰাঝাৰত উপস্থিত হ’ব। অধিৱেশনৰ কাম-কাজ দিনৰ ১১ বাজি ৪৫ মিনিটত আৰম্ভ হ’ব। ৰাজ্যপালৰ ভাষণৰ পাছতে বিশ্বজিত দৈমাৰীৰ অধ্যক্ষতাত মূল অধিৱেশন আৰম্ভ হ’ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই দিবলগীয়া ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই ভাষণ আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। অধিৱেশনৰ বাবে পৰিষদীয় ভৱনত ১২৬ খন আসনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰী, বিধায়কসহ অভ্যাগতসকলক পৰম্পৰাগত খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হ’ব।
Site Admin | February 15, 2025 11:50 AM | pramod bodo kokrajhar assembly
কোকৰাঝাৰত ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী