October 28, 2025 6:59 PM | Powergrid

printer

তদাৰকী সজাগতা সপ্তাহ উপলক্ষে পাৱাৰগ্ৰীড কর্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত পদযাত্রা

তদাৰকী সজাগতা সপ্তাহ উপলক্ষে আজি পাৱাৰগ্ৰীড কর্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত প্রতিষ্ঠানটোৰ গুৱাহাটীৰ কাহিলিপাৰাস্থিত কাৰ্যালয়ৰ পৰা এ এছ ই বি ছাব ষ্টেচনলৈকে পদযাত্রা উলিওৱা হয়। প্রতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিভিন্ন শ্লোগন সম্বলিত বেনাৰ, পোষ্টাৰ লৈ পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমাজৰ পৰা দুর্নীতি আঁতৰোৱাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। দুর্নীতিৰ বিৰুদ্ধে যুঁজ আৰু নৈতিকতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে তদাৰকী সজাগতা সপ্তাহ পালন কৰা হয় বুলি প্রতিষ্ঠানটোৰ কাৰ্যবাহী সঞ্চালক ডি কে জাভেৰিয়ে প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।