ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শক্তিমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব শক্তিমন্ত্ৰী মনোহৰ লালে

শক্তিমন্ত্ৰী মনোহৰ লাল পৰহিলৈ হ’বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শক্তিমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ব্রাজিললৈ গৈছে। এই বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে শক্তি সুৰক্ষা, সহজলভ্যতা, ব্যয়সাধ্যতা, বহনক্ষমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ব্ৰিকছৰ শক্তিমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। শক্তি মন্ত্রালয়ে এক বিবৃতিযোগে কয় যে ভাৰতে বিগত দশকত শক্তিৰ ক্ষমতা ৯০ শতাংশ বৃদ্ধি, নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ লগতে শক্তিখণ্ডত উদ্ভাৱন আৰু বহনক্ষম উন্নয়নকে ধৰি বিগত দশকত লাভ কৰা সাফল্যসমূহ প্ৰদৰ্শন কৰিব। ইয়াৰ লগতে কোৱা হৈছে যে, শক্তিৰ ন্যাৰ্য প্রৱেশ নিশ্চিত কৰাৰ লগতে শক্তিৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰতো দেশখনে নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিব। এই বছৰৰ ব্ৰিকছ শক্তিমন্ত্ৰীসকলৰ বৈঠকৰ মূল বিষয়বস্তু হৈছে- সৰ্বাত্মক আৰু বহনক্ষম গোলকীয় প্ৰশাসনৰ বাবে গ্লোবেল ছাউথ সহযোগিতাৰ সবলীকৰণ।

অধিক পঢ়ক

সকলো চাওক