September 9, 2024 6:54 PM | Poshan Month

printer

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ

সন্তান সম্ভৱা, মাতৃ আৰু শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্রকল্প বিষয়া কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্বোধন কৰা হয়। জিলাখনৰ ২০৪খন অংগনবাড়ী কেন্দ্ৰক লৈ পোষণ মাহৰ শুভাৰম্ভ কৰা হয়। প্ৰতিখন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে প্ৰসূতি আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য গ্ৰহণৰ বাবে সজাগতা আনিবলৈ আলোচনা কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি পুষ্টিকৰ খাদ্য মেলাৰো আয়োজন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।