ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2024 5:47 PM | Poshan Month

printer

দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বৰ্তমানলৈকে ১.৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ

চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে যে, দেশৰ বিভিন্ন ৰাজ্যৰ ৭৫৬ খন জিলাত সক্রিয়ভাৱে সজাগতামূলক অভিযান চলোৱাৰ লগতে জনসাধাৰণক পৰিপুষ্টি সন্দৰ্ভত অৱগত কৰোৱা হৈছে। উল্লেখযোগ্য যে, যোৱা ১ ছেপ্তেম্বৰত আৰম্ভ হোৱা এই পোষন মাহৰ ৩০ ছেপ্তেম্বৰত অন্ত পৰিব। গুজৰাটৰ পৰা এই এমহীয়া অভিয়ান আৰম্ভ কৰা হৈছিল। এই অভিযানৰ জৰিয়তে সমগ্র দেশতে এনিমীয়া, সন্তুলিক বিকাশ, পৰিপূৰক আহাৰ আদিকে ধৰি পোষণ ভি পঢ়াই ভি কাৰ্যসূচীৰ লগতে উন্নত প্ৰশাসনৰ বাবে প্ৰযুক্তি আদি বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি এই অভিযানৰ জৰিয়তে এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত পৰিৱেশ সংৰক্ষণৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হৈছে। দক্ষিণ শালমৰা মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়নৰ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি ২০৪ খন অংগনৱাড়ী কেন্দ্ৰক লৈ আনুষ্ঠানিকভাৱে পোষণ মাহৰ শুভাৰম্ভ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।