তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃতি মুকলি

♦ চলিত লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভঙ্কৰ এটি আজি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কয় যে, তিনিচুকীয়া জিলাত যাতে এইবাৰৰ নিৰ্বাচনত এশ শতাংশ ভোটদান নিশ্চিত হয় তাৰবাবে এই সাৰথি বাইদেউ সকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটাধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’- এই শ্লোগান গাঁৱে-ভূঁঞে বিয়পাই দিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যিক পৰ্যায়ৰ ‘সাৰথি বাইদেউ’ৰ আৰ্হিত এই শুভঙ্কৰটি প্ৰস্তুত কৰা হৈছে।

উল্লেখযোগ্য যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে এইবেলি ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোট সমূহৰ মাজৰ পৰা প্ৰতিখন গাওঁ আৰু পৌৰসভাৰ ৱাৰ্ডত ‘সাৰথি বাইদেউ’ নামাকৰণেৰে একোগৰাকীকৈ স্বেচ্ছাসেৱী প্ৰতিনিধি নিয়ুক্তি দিবলৈ লোৱা হৈছে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমা পৌৰসভা সমূহত ৪৩ গৰাকী আৰু গাওঁ পঞ্চায়ত সমূহত মুঠ ৩৮৩ গৰাকী ‘সাৰথি বাইদেউ’ নিয়ুক্তি দিয়া হ’ব। অনুৰূপ ধৰণে তিনিচুকীয়া জিলাৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাতো অনুৰূপ ধৰণে সাৰথি বাইদেউ নিযুক্তি দিবলৈ লোৱা হৈছে।

Related News : 

এই সকলে নিজ নিজ অঞ্চলৰ ভোটাৰৰ ভোটদান সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সমিধান দিয়াৰ লগতে ৮৫ বছৰৰ উৰ্দ্ধৰ আৰু শাৰীৰিক ভাবে বাধাগ্ৰস্থ লোকসকলক ভোটদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।