বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ত্ৰিংশতিতম মৃত্যু দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মানৱাধিকাৰ সংগ্ৰাম সমিতিয়ে আজিৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰাৰ লগতে পৰাগ স্মৰণ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ ৰাজগড়ত স্থাপন কৰা পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত আজি মাল্যাৰ্পণ কৰি বিভিন্নজনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, গোলাঘাট মিডিয়া ফ’ৰামেও পৰাগ কুমাৰ দাসৰ মৃত্যুবার্ষিকী পালন কৰে। মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি পৰাগ কুমাৰ দাস সতীর্থ মঞ্চই কাইলৈ বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভঁৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব।
Site Admin | May 17, 2025 8:47 PM | porag das deathday
বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ত্ৰিংশতিতম মৃত্যু দিৱস পালন
