উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ বৈঠক

পৰহিলৈ হ’বলগীয়া উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সভাপতিত্ব কৰি জিলা আয়ুক্ত সুমিত ছাত্তাৱানে সকলোকে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পলিঅ’ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ৫ বছৰৰ অনূৰ্ধ্বৰ কোনো শিশু যাতে বাদ পৰি নাযায়, তাৰ প্ৰতি সূক্ষ্ম দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়। জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে এই অভিযান সফল কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত এইবাৰ ২ লাখ ১০ হাজাৰ ৪৫৩ টি শিশুক পলিঅ’ প্ৰতিষেধক সেৱন কৰোৱা হ’ব। ইয়াৰ বাবে স্বাস্থ্য বিভাগে জিলাখনত ৯৭১ টা পলিঅ’ বুথৰ ব্যৱস্থা কৰিছে। এই বুথত ৩ হাজাৰ ৫৬০ গৰাকী বুথকৰ্মী নিয়োগ কৰা হৈছে। আনহাতে, বাদ পৰি যোৱা শিশুসকলক অহা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ ঘৰে ঘৰে গৈ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।