ডাউনলোড
মোবাইল এপ

android apple
signal

পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ’বঃ চন্দ্ৰমোহন পাটোৱাৰী

পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ’ব। পৰিৱেশ আৰু বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাৰ শূন্যকালত বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ তথা স্থায়ী বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব দি আহিছে। এই দিশত ই এটা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি শ্ৰীপাটোৱাৰীয়ে উল্লেখ কৰে। নতুন পবা বন্যপ্রাণী অভয়াৰণ্যই পবা সংৰক্ষিত বনাঞ্চল, প্ৰস্তাৱিত কাবুচাপৰি সংৰক্ষিত বনাঞ্চল আৰু কাষৰীয়া নৈপৰীয়া অঞ্চলকে ধৰি ২৫৭ দশমিক ২-৯ বর্গকিলোমিটাৰ এলেকা সামৰি ল’ব। উল্লেখযোগ্য যে অসমৰ উত্তৰ-পূব অংশত থকা পবা সংৰক্ষিত বনাঞ্চল হৈছে বন্য জীৱ-জন্তুৰে সমৃদ্ধ আৰু জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলৰ মাজেৰে হাতীকে ধৰি বিভিন্ন জীৱ-জন্তুৱে কাবুচাপৰি, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ডি-এৰিং মেম’ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যলৈ অহা-যোৱা কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ হাতীৰ আহ-যাহৰ ই দ্বিতীয়টো প্ৰধান কৰিড’ৰ। ইপিনে, এই বনাঞ্চল লেহেমীয়া গতিৰ লৰিছ আৰু টুপী পিন্ধা বান্দৰকে ধৰি গছত থকা ভালেমান প্রজাতি, বনৰীয়া গাহৰি, ৪৫টা প্ৰজাতিৰ চৰাই তথা সৰীসৃপ আৰু চিয়াং আৰু লোহিত নদীত থকা বিভিন্ন প্ৰজাতিৰ মাছৰ বাবে জনাজাত। বনাঞ্চলখনক বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ পদক্ষেপ অসমৰ প্রাকৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত এক অবিৰত প্রয়াস হিচাপে চিহ্নিত হ’ব।

অধিক পঢ়ক

সকলো চাওক