পৰহিলৈ হ‘বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত ভোটগ্রহণ অনুষ্ঠিত হ‘ব। আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনাও বিভিন্ন ৰাজনৈতিক দলৰ লগতে নির্দলীয় প্রার্থীসকলে ভোটদাতাৰ মন জয় কৰাৰ চেষ্টা চলাব।
মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ ৰঙিয়া, দৰং আৰু মৰিগাঁৱত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰৰ উন্নয়নমূলক কাম-কাজত আলোকপাত কৰাৰ লগতে নিৰ্বাচনত পুনৰ দলটোৱে ভাল ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ পানীতোলা নগাঁও খেল পথাৰত আৰু ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত প্ৰচাৰ চলাব। মন্ত্ৰীগৰাকীয়ে কালি মাৰ্ঘেৰিটাৰ নগাপথাৰ ৰংগমঞ্চত নির্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। একেদৰে শাসকীয় বিজেপিৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাছাৰ জিলাৰ উদাৰবন্দ সমষ্টিৰ শালগংগা জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্তই কালি বৰাক উপত্যকাৰ শ্রীভূমি জিলাৰ লাঠিঘাট ৰাণীবাৰী গাঁৱত লক্ষীৰ বাজাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। মন্ত্ৰীগৰাকীয়ে হাইলাকান্দিব লক্ষীবন বাইপাছত আয়োজিত এখন প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে।
কামৰূপ জিলাত কালি বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ পৰিলক্ষিত হয়। বিজেপিৰ হৈ মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধিৰ লগতে কেইবাজনো নেতাই কালি প্ৰচাৰ চলায়। জিলাখনত নিৰ্দলীয় প্রার্থীসকলেও কালি প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। অসম গণ পৰিষদৰ নেতা তথা মন্ত্রী অতুল বৰাই কালি বোকাখাতৰ গৰিয়াজান বাগিচা, ৰঙামাটি চেউনি কমাৰগাওঁকে ধৰি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়।
ইপিনে, বিৰোধী দল কংগ্ৰেছেও কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ চলায়। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কালি জহিং চাহ বাগিচাত প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শিৱসাগৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিব বুলি আশা প্রকাশ কৰে। দলটোৱে আয়োজন কৰা সভাসমূহত মহিলাৰ অংশগ্রহণ অধিক বুলিও তেওঁ উল্লেখ কৰে ৷
কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাই কালি গহপুৰ বিধানসভা সমষ্টিৰ ৰজাবাৰী ৰংগমঞ্চত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান আৰু অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্রী মীৰা বৰঠাকুৰৰ উপৰি বিশ্বনাথ জিলাৰ দলীয় নেতৃবর্গ উপস্থিত থাকে। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম গণ পৰিষদ দলে কালি আমবাৰীত থকা মুখ্য কাৰ্যালয়ত দলটোৰ ঘোষণা পত্ৰ মুকলি কৰে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত কালি ৰাইজৰ দলৰ মুখপাত্র ৰাছেল হুছেইনে এখন সংবাদমেলত ভাষণ দিয়ে।
পৰহিলৈ হ‘বলগীয়া নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলাসমূহত সুবা নিষিদ্ধ ঘোষণা কৰাৰ লগতে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে।