ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিয়লি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি চাৰে ৪ বজাত সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ’ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ আজি অন্তিম দিনা আজি ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাব।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।

মুখ্যমন্ত্রী ড° শর্মাই আজি দিনৰ ১০ বজাত বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মিনি ষ্টেডিয়ামত অগপ, বিজেপি আৰু ৰাভা-হাছাং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। একেদৰে বজালী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বজালী জিলাৰ নিত্যানন্দৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুল খেলপথাৰত আয়োজিত বিশাল বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি নতুনকৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা আজাৰাৰ মাজিৰগাঁৱত প্ৰচাৰ চলায়। তেওঁ পলাশবাৰী আৰু কাঁহিকুছিতো নিৰ্বাচনী প্ৰচাৰ চলায়। পলাশবাৰীৰ মাজিৰগাঁৱত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত অর্থনৈতিক উন্নয়ন হৈছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অভয়াপুৰী বিধানসভাসমষ্টিৰ ঘিলাগুৰিত প্ৰচাৰ চলায়। শ্ৰীসোণোৱালে বৰপেটা জিলাৰ বনিয়াকুছিত আয়োজিত প্ৰচাৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্তয়ো কালি কলিয়াবৰ সমষ্টিৰ দেওচুৰ চাঙত বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ আঞ্চলিক সদস্যপদৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। তেওঁ ৭ নম্বৰ বেচামাৰী আৰু কাজিৰঙাৰ কুঠৰীতো প্ৰচাৰ সভাত অংশ লয়৷

লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে কালি গুৱাহাটীৰ চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ ভক্তৰবাত প্ৰচাৰ চলায়। সাংসদ প্ৰদ্যুৎ বৰদলৈও কালি কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দক্ষিণ ধৰ্মতুল গাঁও পঞ্চায়তত প্ৰচাৰ চলায়।

অসম জাতীয় পৰিষদ দলৰ হৈ লুৰীণজ্যোতি গগৈয়ে কালি নলবাৰীত প্ৰচাৰ চলায়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত এ আই ইউ ডি এফ দলৰ কেইবাগৰাকী বিধায়কে কালি প্ৰচাৰ সভাত অংশ লয়।

ইপিনে পৰহিলৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাকেইখনৰ প্ৰশাসন ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে। নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাখনো জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

অধিক পঢ়ক

সকলো চাওক