দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি অন্যান্য মন্ত্রীসকলে প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বাবে প্রয়োজনীয় ব্যবস্থা গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনির্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যবস্থা, উদ্যোগ-বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্রীমোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকর্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্রধানমন্ত্রী মোদীৰ সন্মানার্থে দলীয় কর্মকর্তাসকলে ৰোড শ্ব’ৰ আয়োজন কৰিছে।প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰাৰ পাছত বৰঝাৰত সম্বোধন কৰিবলগীয়া ৰাজহুৱা সভাৰ ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্রই বিয়লি ৩ বাজি ৪৫ মিনিটৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মহাবাহু শাখাৰ মিডিয়াম বেভআৰু এফ এম বেণ্ডত প্ৰচাৰিত হোৱাৰ লগতে ৰাজ্যৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। আমাৰ বাতৰি বুলেটিনকে ধৰি কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ এপযোগে প্ৰচাৰিত হ’ব।
শ্রীমোদীয়ে পৰহিলৈ গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষার্থীৰ সৈতে পৰীক্ষা পে চর্চা অর্থাৎ পৰীক্ষা সম্পর্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে ৮৬০ গৰাকী বীৰ ছহিদক প্রণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ২১ ডিচেম্বৰলৈ দর্শনার্থীৰ বাবে ছহিদ স্মাৰক বন্ধ থাকিব। তদুপৰি কাইলৈ আৰু পৰহিলৈ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী তিনিটা ঘাটৰ ফেৰী সেৱাও বন্ধ থাকিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গে’টবে অব গুৱাহাটী টার্মিনেল পৰিদৰ্শন কৰি সকলো দিশ পর্যালোচনা কৰে।
শ্রীমোদী দেওবাৰে নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল’ব। নামৰূপত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্পোৰচেন লিমিটেডৰ বৰ্তমানৰ চৌহদত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। মন্ত্রী বিমল বৰাই আজি নামৰূপত প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া জনসভাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।