ডাউনলোড
মোবাইল এপ

android apple
signal

September 12, 2025 6:41 PM | pm visit assam

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম, মিজোৰাম, মণিপুৰলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্রী মোদী কাইলৈ পুৱা ৯ বজাত আইজলৰ লেংপুই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত হেলিকপ্তাৰযোগে পোনে পোনে থুৱামপুইলৈ যাব। দিনৰ ১০ বজাত তেওঁ আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী-চাইৰাং ৰে’লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰে’লগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক’লকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ। ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ২০৫০৭ আৰু ২০৫০৮ নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ দুহেজাৰ ৫১০ কিলোমিটাৰ দূৰত্ব ৪৩ ঘণ্টা ২৫ মিনিটত সম্পূৰ্ণ কৰিব। গুৱাহাটী আৰু চাইৰাঙৰ মাজত প্ৰৱৰ্তন কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ দৈনিক ৰেলগাড়ীখনে এই দূৰত্ব ১৩ ঘণ্টা ৩০ মিনিটত সম্পন্ন কৰিব। আনহাতে, ১৩১২৫ আৰু ১৩১২৬ নম্বৰৰ ত্ৰিসাপ্তাহিক ৰেলগাড়ীখনে চাইৰাং আৰু ক’লকাতাৰ মাজৰ এহেজাৰ ৫১২ কিলোমিটাৰ দূৰত্ব ৩১ ঘণ্টাত সম্পূৰ্ণ কৰিব।

     ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চূড়াচান্দপুৰ আৰু ইম্ফলত দুখন জনসভাত অংশ ল’ব। মণিপুৰৰ কেইবাটাও সংগঠনে আজি মাজনিশাৰ পৰা আহ্বান দিয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আবেলিৰ ভাগত প্রধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু বিয়লি ৫ বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড০ ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ড০ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় এহেজাৰ ২০০গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ববিশ্রুত শিল্পীগৰাকীৰ ১৪টা বচা বচা গান আৰু কবিতা একেলগে পৰিবেশন কৰিব।

  প্রধানমন্ত্ৰীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ সৈতে কথা-বতৰা হ’ব। পৰহিলৈ প্ৰধানমন্ত্ৰীগৰাকী মঙলদৈলৈ যাব আৰু প্ৰায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনাই তেওঁ ভার্চুৱেল পদ্ধতিৰে প্ৰায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব ৷

  ইয়াৰ পাছত শ্ৰীমোদী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ হৈ নতুন দিল্লীলৈ উভতি যাব।