January 10, 2026 7:12 PM | PM Visit

printer

দুদিনীয়া ভ্রমণসূচীৰে অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রীৰ অসম ভ্ৰমণ

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১৭ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ১৭ জানুৱাৰীৰ বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। প্রধানমন্ত্রীয়ে সেই দিনাই গুৱাহাটীত কামাখ্যা আৰু কলকাতাৰ মাজত চলিবলগীয়া বন্দে ভাৰত শ্লিপাৰ ৰে’লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰে’লখন কালি কামাখ্যা ৰে’লৱে ষ্টেচন পাইছেহি। এই ৰে’লগাড়ী খন হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’ল। ১৬টা দবাবিশিষ্ট ৰে’লগাড়ীখনত ৮৩৩ গৰাকী যাত্রীয়ে যাত্রা কৰিব পাৰিব। প্রধানমন্ত্রী মোদীয়ে ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল’ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা আৰু ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্তই আজি প্রধানমন্ত্রীৰ জনসভাস্থলী পৰিদৰ্শন কৰে। মন্ত্রী দুগৰাকীয়ে সংশ্লিষ্ট সকলোকে এই কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নির্দেশ দিয়ে। সাংবাদিকৰ আগত মন্ত্রী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই

প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউটালৈ চলিবলগীয়া দুখন ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।