January 6, 2026 12:29 PM | PM Assam Visit

printer

অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ অংশ স্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮ জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নির্মাণ হ’বলগীয়া ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রীয়ে জনসভাত অংশগ্ৰহণ কৰিবলগীয়া মৌচন্দা পথাৰত কালি নিশা উপস্থিত হৈ প্রস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সেই স্থানত মন্ত্রী কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাও উপস্থিত থাকে।

ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই কালি সৰুপথাৰত ৭২ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শর্মাই সৰুপথাৰত ১২ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা লাভলীনা বৰগোহাঁই ক্রীড়া প্রকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুৰণি পথ উদ্বোধন কৰে। তেওঁ লগতে অসম মালাৰ অধীনত ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বৰপথাৰ-গোলাঘাট সংযোগী পথৰ প্ৰথম পর্যায় আৰু মিছামাৰী-বিলপথাৰ তথা অভংপথাৰ-শ্যামগাঁও মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। কালি লাভলীনা বৰগোহাঁই ক্রীড়া প্রকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী অজন্তা নেওগ, কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে।