প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ নতুন টার্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি উন্মোচন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া বৰঝাৰ বিমান বন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইকথা সদৰি কৰে। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা মতে অহা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি ২ বাজি ৪৫ মিনিটত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব। ইয়াৰ পাছত তেওঁ বিমানবন্দৰৰ নতুন টার্মিনেল মুকলি কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে বিমানবন্দৰৰ চৌহদৰ ভিতৰতে ভাৰতৰ লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূর্তি উদ্বোধন কৰিব। তেওঁ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰাৰ পাছত টার্মিনেল ভৱনৰ ভিতৰত ১৫ মিনিট সময় কটাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী বৰঝাৰ বিমান বন্দৰৰ পৰা বিজেপিৰ ৰাজ্যিক কার্যালয়লৈ যাব আৰু দলীয় কর্মীসকলৰ সৈতে কিছুসময় কটাব। নিশাটো গুৱাহাটীত কটোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১ ডিচেম্বৰত পুৱা গুৱাহাটীৰ নৌ পৰিবহন টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫-৩০ গৰাকী শিক্ষার্থীৰ সৈতে পৰীক্ষা পে চর্চা অর্থাৎ পৰীক্ষা সম্পর্কীয় বিষয় লৈ আলোচনা কৰিব। তেওঁ লগতে অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু ৮৬০ গৰাকী ছহিদলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিব। তাৰ পিছত প্রধানমন্ত্রী ডিব্ৰুগডলৈ ৰাওনা হ’ব। তাত তেওঁ প্রায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া নামৰূপৰ এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, শক্তিমন্ত্রী প্রশান্ত ফুকন আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে কালি প্ৰধানমন্ত্ৰীৰ নামৰূপৰ সভভাস্থলী পৰিদৰ্শন কৰি কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্রীদ্বয়ে প্রধানমন্ত্রীৰ ভ্ৰমণ সন্দৰ্ভত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো মিলিত হয়।
মন্ত্রী পীযূষ হাজৰিকা কালি পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটৰহাটৰ থকা বিজেপিৰ মুখ্য কার্লায়লত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত বৈঠকত মিলিত হয়। এই বৈঠকত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীকে ধৰি বিভিন্নজনে অংশগ্রহণ কৰে।